Source: 
Etv bharat
https://www.etvbharat.com/assamese/assam/bharat/adr-report-states-209-out-of-219-mlas-of-karnataka-are-crorepatis/assam20230324213923368368090
Author: 
Date: 
22.03.2023
City: 

কৰ্ণাটকৰ তদানীন্তন বিধায়ক বিধায়কসকলৰ 95 শতাংশতকৈ অধিক বিধায়ক কোটিপতি ৷ শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷ কোটিপতি বিধায়কসকলৰ অধিকাংশই কংগ্ৰেছ দলৰ (Assets of Karnataka MLA) ৷

সমাগত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে পোহৰলৈ আহিছে কৰ্ণাটকৰ বিধায়কসকলৰ সম্পত্তিৰ সম্পত্তিৰ তালিকা ৷ ৱাটছডগ এচছিয়েশ্যন ফ’ৰ ডেমক্ৰেটিক ৰিফৰ্মছ (Watchdog Association for Democratic Reforms) চমুকৈ ADR নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি কৰ্ণাটকৰ বিধায়কসকলৰ 95 শতাংশতকৈও অধিক বিধায়ক কোটিপতি (Assets of Karnataka MLA) ৷

এইসকল বিধায়কৰ তালিকাত শীৰ্ষত তিনিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডি কে শিৱকুমাৰৰ মুঠ সম্পত্তিৰ মূল্য 840 কোটি ৷ ইয়াৰ বিপৰীতে সুৰেশ বি এচ নামৰ প্ৰাৰ্থীগৰাকীৰ মুঠ সম্পত্তিৰ মূল্য 416 কোটি আৰু এম কৃষ্ণাপ্পা নামৰ প্ৰাৰ্থীগৰাকীৰ মুঠ সম্পত্তিৰ মূল্য 236 কোটি (Karnataka crorepati MLA) ৷

উল্লেখ্য যে, ৱাটছডগ এচছিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে কৰ্ণাটকৰ তদানীন্তন মুঠ 224 গৰাকী বিধায়কৰ ভিতৰত 219গৰাকী বিধায়কৰ সম্পত্তিৰ মূল্য আৰু বিভিন্ন অপৰাধমূলক কাৰ্যত লিপ্ত থকাৰ তথ্যসমূহ বিশ্লেষণ কৰি প্ৰকাশ কৰিছে এক প্ৰতিবেদন ৷ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি সমীক্ষা চলোৱা 219 গৰাকী বিধায়কৰ ভিতৰত 209 গৰাকীয়েই কোটিপতি (209 out of 219 MLAs of Karnataka are crorepatis) ৷ ইয়াৰে সৰ্বাধিক 97 শতাংশ কংগ্ৰেছী বিধায়ক ৷

ইয়াৰ বিপৰীতে বিজেপিৰ 95 শতাংশ বিধায়ক কোটিপতি ৷ বিজেপি দলৰ বিধায়কৰ সৰ্বাধিক সম্পত্তিৰ পৰিমাণ 19.6 কোটি ৷ আনহাতে জনতা দল (ছেকুলাৰ)ৰ মুঠ বিধায়কৰ 93 শতাংশ বিধায়ক কোটিপতি ৷ জনতা দলৰ বিধায়ক সৰ্বাধিক সম্পত্তিৰ পৰিমাণ 4.38 কোটি ৷ ইফালে ৰাজ্যখনৰ চাৰিগৰাকী নিৰ্দলীয় বিধায়কো কোটিপতি ৷ নিৰ্দলীয় বিধায়ক কেইগৰাকীৰ ভিতৰত সৰ্বাধিক সম্পত্তিৰ পৰিমাণ হৈছে 40.92 কোটি (ADR report on Karnataka MLA) ৷

প্ৰতিবেদনত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি দুগৰাকী বিজেপি বিধায়ক আৰু এগৰাকী কংগ্ৰেছ বিধায়কৰ সম্পত্তিৰ পৰিমাণ সৰ্বনিম্ন ৷ বিজেপি বিধায়ক হৰ্ষবৰ্ধন বি আৰু এছ এ ৰামদাসৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে 22 লাখ আৰু 39 লাখ ৷ আনহাতে কংগ্ৰেছৰ বিধায়ক সৌম্য আৰৰ মুঠ সম্পত্তিৰ মূল্য 58 লাখ ৷

© Association for Democratic Reforms
Privacy And Terms Of Use
Donation Payment Method