Skip to main content
Source
ETV Bharat
Author
ETV Bharat Assamese Team
Date
City
New Delhi

বিধানসভা নিৰ্বাচনত কোনে বেছি শতাংশ ভোট পালে ? কম পালে কোনে ? প্ৰকাশ পালে এডিআৰৰ প্ৰতিবেদনত ।


বিগত অসম বিধানসভা নিৰ্বাচনত ১২৬ গৰাকী বিজয়ী প্ৰাৰ্থীৰ ভিতৰত ১১০ গৰাকীয়েই লাভ কৰে ৫০ শতাংশ ভোট । যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনত অসমৰ ১২৬টা সমষ্টিৰ বিশ্লেষণ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা মতে ২০২১ চনত ভোটাৰৰ হাৰ ৮২.২৪ শতাংশৰ বিপৰীতে এইবাৰ আছিল ৮৬.২৫ শতাংশ ।

৫৮.১১ শতাংশ বৈধ ভোট :

এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে এছ’চিয়েশ্ব'ন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ এণ্ড আছাম ইলেকচন ৱাচে । এই বিশ্লেষণ অনুসৰি ২০২১ চনৰ নির্বাচনৰ তুলনাত বিধানসভা নির্বাচনত বিজয়ীসকলে ভোটাৰৰ বৃহত্তৰ অংশ প্রতিনিধিত্ব কৰিছে । বিজয়ীসকলে গড়ে ৫৮.১১ শতাংশ বৈধ ভোট লাভ কৰিছে । ইয়াৰ বিপৰীতে পূৰ্বৰ বিধানসভা নিৰ্বাচনত লাভ কৰিছিল ৫৪.০৮ শতাংশ ভোট ।

১৬ গৰাকীয়ে লাভ কৰিলে আধাতকৈও কম ভোট :

বিশ্লেষণ অনুসৰি ১২৬গৰাকী বিজয়ীৰ ভিতৰত ১১০ অৰ্থাৎ ৮৭ শতাংশই নিজৰ সমষ্টিত ৫০ শতাংশতকৈ অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, মাত্ৰ ১৬ গৰাকীয়েহে ভোটদানৰ বৈধ ভোটৰ আধাতকৈও কম লাভ কৰি জয়লাভ কৰিছে । এই বিজয়ীসকলে গড়ে ৫০.১২ শতাংশ পঞ্জীয়নভুক্ত ভোটাৰক প্ৰতিনিধিত্ব কৰিছে । এই সংখ্য়া ২০২১ চনত আছিল ৪৪.৪৭ শতাংশ ।

বিজয়ী শীৰ্ষ তিনিগৰাকী :

উক্ত প্রতিবেদনত উল্লেখ কৰা অনুসৰি লক্ষীপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায়ে ৮১.৪৯ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে ৰংখাঙৰ পৰা বিজেপিৰ তুলিৰাম ৰংহাঙে ৭৫.৭২ শতাংশ লাভ কৰে । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী বিধানসভা সমষ্টিটোত লাভ কৰে ৭৪.৪২ শতাংশ ভোট ।

কোনে কম ভোট পালে ?

বিজয়ীসকলৰ ভিতৰত সৰ্বনিম্ন ভোট লাভ কৰিছে বীৰছিং জাৰুৱা সমষ্টিৰ কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে । তেওঁ লাভ কৰে ৪১.৫৩ শতাংশ ভোট । আনহাতে, বাওখুংগ্ৰীৰ বড়োলেণ্ড পিপ'লছ ফ্ৰণ্টৰ ৰূপম চন্দ্ৰ ৰয়ে ৪১.৯৫ শতাংশ আৰু মন্দিয়াৰ পৰা তৃণমূল কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদে ৪৩.০৭ শতাংশ ভোট লাভ কৰে ।

বিজেপিয়ে লাভ কৰিছে সৰ্বাধিক ৩৭.৮১ শতাংশ :

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দলীয়ভাৱে বিজেপিয়ে সৰ্বাধিক ৩৭.৮১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ বিপৰীতে কংগ্ৰেছে ২৯.৮৪ শতাংশ ভোট লাভ কৰে । অসম গণ পৰিষদে ৬.৪৮ শতাংশ আৰু এআইইউডিএফে মাত্ৰ ৫.৪৬ শতাংশ ভোট লাভ কৰে । নোটাত (ওপৰৰ কোনোটোৱেই নহয়) পৰে ১.২৩ শতাংশ ভোট ।

কম ভোটত জয়ী হৈছে কোন ?

এডিআৰে কয় যে মাত্ৰ দুটা সমষ্টিত প্ৰাৰ্থী দুগৰাকীয়ে ৩০০০ ভোটৰো কম ব্যৱধানত জয়ী হৈছে । হাজো-শুৱালকুছি সমষ্টিত অগপৰ প্ৰকাশ চন্দ্ৰ দাসে ৭২৪ ভোটত জয়ী হয় । আনহাতে, বিলাসীপাৰাত অগপৰ জিবেশ চন্দ্ৰ ৰয়ে ২,৬৯৪ ভোটত জয়ী হয় ।

কৌশিক ৰায়ে পালে সৰ্বাধিক ৬৪.৬৫ শতাংশ:

চাৰিগৰাকী বিজয়ীয়ে ৫০ শতাংশ পইণ্টতকৈ অধিক ব্য়ৱধানত জয়ী হৈছে । লক্ষীপুৰত কৌশিক ৰায়ে সৰ্বাধিক ৬৪.৬৫ শতাংশ ব্যৱধান লাভ কৰাৰ বিপৰীতে ৰংখাঙৰ তুলিৰাম ৰংহাঙে ৫৪.৮০ শতাংশ, জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাই ৫২.৩৫ শতাংশ আৰু চামগুৰিত তাঞ্জিল হুছেইনে ৫০.৭৮ শতাংশ ব্যৱধানত বিজয়ী হয় ।

প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ঘোষিত অপৰাধমূলক গোচৰ থকা ২১ গৰাকী বিজয়ীৰ ভিতৰত ১৬ গৰাকীয়েই লাভ কৰিছে ৫০ শতাংশৰ ওপৰত ভোট । আনহাতে, গোচৰ নথকা ১০৫ গৰাকী বিজয়ীৰ ভিতৰত ৯৪ গৰাকীয়েই একে সীমা অতিক্ৰম কৰিছে ।

৪৬ শতাংশতকৈ অধিক ভোটত জয়লাভ সাত মহিলাৰ :

ইয়াৰ বিপৰীতে মহিলা বিজয়ী প্ৰাৰ্থীৰ ছবিখন পৃথক । এইবাৰ মাত্ৰ সাতগৰাকীয়ে বিধানসভালৈ নিৰ্বাচিত হৈছে । আটাইকেইগৰাকীয়েই ৪৬ শতাংশতকৈ অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হয় । মহিলা বিজয়ীৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰে ডিফুৰ বিজেপিৰ নিছ’ তেৰাংপিয়ে । তেওঁ লাভ কৰিছে ৬২.৯৫ শতাংশ ভোট ।

৬৩ গৰাকী বিধায়ক পুনৰ নিৰ্বাচিত :

এই প্ৰতিবেদনত উল্লেখ কৰা মতে,৬৩ গৰাকী বিধায়ক পুনৰ নিৰ্বাচিত হৈছে । এওঁলোকৰ ভিতৰত কোনো এগৰাকীয়েই ৪০ শতাংশতকৈ কম ভোটৰ অংশীদাৰিত্ব লাভ কৰা নাই । ইয়াৰে ৫৪গৰাকী বিধায়কে ৫০ শতাংশতকৈ অধিক ভোটত বিজয়ী হৈছে ।

নোটাৰ শীৰ্ষত বৰপেটা :

ভোটাৰৰ প্ৰত্যাখ্যানৰ সন্দৰ্ভত এডিআৰে কয় যে ২,৬৬,৯৬২ টা ভোট অৰ্থাৎ ভোটগ্ৰহণ কৰা ২.১৬ কোটি ভোটৰ ১.২৩ শতাংশ ভোট নোটাত পৰিছে । ইয়াৰ ভিতৰত বৰপেটাত সৰ্বাধিক ৫,১৯৫ টা ভোট নোটাই লাভ কৰিছে ।

৪ মে’ত ঘোষণা কৰা ফলাফল অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএয়ে নিজাববীয়াকৈ ৮২ খন আসন লাভ কৰি ১২৬ জনীয়া সদনত সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় । ইয়াৰ মিত্ৰ দল বিপিএফ আৰু অগপই ১০খনকৈ আসন লাভ কৰে । ইপিনে, কংগ্ৰেছে ১৯খন আসনতেই সীমিত থাকে । এআইইউডিএফ আৰু ৰাইজৰ দলে দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে এখনত বিজয়ী হ'বলৈ সক্ষম হয় ।


abc