Skip to main content
Source
Assam Nenow
https://assam.nenow.in/252-candidates-in-first-phase-of-ls-polls-have-criminal-cases-against-them-report/
Author
নৰ্থ ইষ্ট নাও, গুৱাহাটী
Date

সময়ৰো যে কি বিড়ম্বনা! এটা দশক পূৰ্বে এনে এটা লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই বিজেপিৰ তেতিয়াৰ ‘প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী’ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ আহিলে গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত সাংসদসকলক বিশেষ আদালতলৈ টানি নিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এবছৰৰ ভিতৰত দোষীক জেললৈ প্ৰেৰণ কৰা হ’ব বুলি দাবী কৰিছিল৷কিন্তু মোদীৰ দহ বছৰীয়া কাৰ্যকালত বহুখিনি বস্তুৱেই সলনি হ’ল৷

নিৰ্বাচনী পৰিস্থিতি পৰ্যবেক্ষণ কৰা  সংস্থা নেশ্যনেল ইলেকচন ৱাচ এণ্ড এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি, ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনলৈ যাবলগীয়া ১০২টা লোকসভা সমষ্টিৰ ১৬ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে৷ নেশ্যনেল ইলেকচন ৱাচ আৰু এডিআৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ১৬২৫ জন প্ৰাৰ্থীৰ ভিতৰত ১৬১৮ জন প্ৰাৰ্থীৰ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামা পৰীক্ষা কৰে। ইয়াৰে ২৫২টা অপৰাধমূলক গোচৰ ৰুজু হৈছে।

এডিআৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২৫২ জন প্ৰাৰ্থীৰ ভিতৰত ১৬১ জন (অৰ্থাৎ মুঠ প্ৰাৰ্থীৰ ১০ শতাংশ)ৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে। ইয়াৰে ৭ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, ১৮ জনৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু ৩৫ জনৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ আছে। দল অনুসৰি বিজেপিৰ অপৰাধমূলক গোচৰত অভিযুক্ত প্ৰাৰ্থীৰ সংখ্যা সৰ্বাধিক। ৭৭ জনৰ ভিতৰত ২৮ জনেই হ’ল বিজেপিৰ। সেয়া হ’ল ৩৬ শতাংশ। ইয়াৰ পাছত কংগ্ৰেছ। তেওঁলোকৰ ৫৬ জন প্ৰাৰ্থীৰ ভিতৰত ১৯ জনেই (৩৪ শতাংশ) শপতনামাত ঘোষণা কৰিছিল যে তেওঁলোক অপৰাধমূলক গোচৰত অভিযুক্ত হৈছে।

কিন্তু শতকৰা হাৰত আৰজেডি আছে প্ৰথম স্থানত। বিহাৰত প্ৰথম ৰাউণ্ডৰ ভোটদানত অৰ্থাৎ ১০০ শতাংশ লালু প্ৰসাদৰ দলৰ চাৰিজন প্ৰাৰ্থীৰ প্ৰতিজনেই বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত! শতাংশৰ ক্ষেত্ৰত ডি এম কে (৫৯ শতাংশ), সমাজবাদী পাৰ্টি (৪৩ শতাংশ), তৃণমূল (৪০ শতাংশ) পৰৱৰ্তী তিনিটা স্থানত আছে।